Posts

স্বচ্ছতা আনুষঙ্গিক - হিমাশ্ৰী বৰা

টোপোলাটো নি দলিয়াই দিওঁতে  মোৰ ওভতি চাবৰ নহ'ল  পানী যোৱা নলাটো অৱশ্যে আমাৰ সুবিধাতে খন্দাইছিল। থুঃ ! ইমান লেতেৰা গোন্ধ চেহ্ ! আঁকি থোৱা দেৱালখন নষ্ট  ভাইটোৰ ডেংগু হ'লত আয়ে কপাল চপৰিয়াই কান্দিলে  ঘৰখনৰ পৰা এতিয়াহে পানীৰ ডোঙাবোৰ গুচিছে। সোণ অ' , ঘৰত শিকা নীতি-নিয়মবোৰ মানি চলিবি তথাকথিত আধুনিক হোৱা সোণৰ ছালত এতিয়া খৰ-খজতিৰ ব্যাপ্তি। হাইজেনিক জীৱন আজিও কাৰ দুঃস্বপ্ন ?  ঘেদোৱা পানী পি কোনে পুহে অমৃতৰ লক্ষ্য ? কথাই-কামে,মনে-মুখে নিকা হোৱাৰ মন্ত্ৰ  লোকচক্ষুৰ আঁৰত কোনেবা কটায় জীৱন দুৰ্বিষহ !

শতৰু পুৰাণ - হিমাশ্ৰী বৰা

পথাৰৰ আলিটো ঠেলি নিয়াৰ অনুপাতে  টুটি আহিল হাড়ে-চালে লাগি থকাজনৰ আয়ূস  পূৰ্বাপৰ প্ৰচলিত ৰীতি  হস্তান্তৰ হ'ব লাগে ক্ষমতা আৰু সম্পত্তি  এচাহিৰ কঢ়া-আঁজোৰাত তেজৰ ডোঙা , মন-হৃদয় দুচিৰা । তুমি জানো পতিয়ন নিয়াব পাৰিবা  যে‌ তুমি ভালুকৰ সন্মুখত এৰি থৈ পলোৱা বন্ধুজন নোহোৱা  ব্যৱসায় , শ্বেয়াৰৰ হিচাপত আজিও পিছে তোমাৰ একেই অস্থিৰতা। সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ আমি কাটিব পৰা হ'লোঁ নিজৰেই নাক  'এ আই'ক আঙুলিৰ ঠাৰত নচুৱাই  যিদৰে বঢ়াইছোঁ নৈতিক সংকট ;  অজাত শত্ৰুক চপাইছোঁ কাষ । ফুল চন্দন পৰা মুখৰ বচনতো থাকে চুৰিকাঘাত  উত্তৰণত নহয় , কেঁকোৰা চেপা দি অধোগতিত আকৌ জুৰে দুখৰ বিলাপ । বিভীষণৰ চলনাত কৰিব পাৰি নে পৰাজয় স্বীকাৰ  ৰামৰাজ্যৰ স্বপ্নক দিবলৈ ৰূপ সাকাৰ ! এলাহৰ প্ৰতাপহে যত ঘটাবলৈ বিঘিনি  নিৰালস্যৰ যজ্ঞত সোৰোপালিৰে দিম আহুতি , বিহুনামত গাই "তোমাৰ মোৰ শতৰু তোমাৰ মা-দেউতাৰা" বুলি  মন চিলা বান্ধিব নোৱাৰি  পেলাই থ'লে কেনেকৈ হ'ব বাকৰি মাটি ? হিমাশ্ৰী বৰা  স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক

নৈপৰীয়া গাঁথা - হিমাশ্ৰী বৰা

নৈপৰীয়া উচুপনি এসোঁতা মিচিকনি হোৱালৈ  কেইবাৰ পোত যাব লাগে বেলি ? সঁজাল ধৰিবলৈ সপোন,বুকুৰ বিষ কাটি । নিপুণ মাছুৱৈৰ গৰ্বৰ উহ খেদি  পেঘালীত সমৰ্পিত কুম্ভকাৰৰ জীৱন  বিশ্বাস থাপি কয় - "জলদেৱতাৰ কৃপা"  আশ্বাস বোৱাই বয় আই বসুমতিৰ মমতা নিৰন্তৰ চলি থাকে কৃচ্ছ্ৰসাধনা। নৈক সুহৃদ পাতি  এজুম মানুহ , ইমান অকপটীয়া ! নৈয়ে কাঢ়ি থাকে , তেওঁলোকে গঢ়ি থাকে  অন্তৰতম বন্ধুত্বৰ পাৰস্পৰিক বুজাপৰাত  আমাৰ তৃতীয় পক্ষৰ যেন শূন্যতহে গদা ঘূৰে। নাওখেলৰ গীত গাই ঘৰমুৱা হোৱা ডেকা  তোমাৰো বাৰু কঁপেনে হিয়া  বোপায়ে নাওখন শেষবাৰৰ বাবে চপাব যিদিনা ; আহিব দলঙ উদ্বোধনৰ হেতু বৰমূৰীয়া  নে থিৰাং কৰিছা , উছনত যক বাপুতিসাহোন জীৱিকা ।  "নদী মানে কবিতাৰ সেউজীয়া পানী" চৰাইৰ কাকলি আৰু শইচ সোণালী এই লৈ যদি নৈপৰীয়াৰ মন হয় মুকলি ; ব'লা আমি যাওঁ কোনোবা এটা চিকুণ গধূলি , সোৱণশিৰিৰ জঙ্কি-পানেৰ স্মৃতি সুঁৱৰি কপিলীপাৰৰ সাধু শুনি , কলং বৈ থকাৰ সম্ভেদ বিচাৰি ।

হৃদয়ৰ শুশ্ৰূষা - হিমাশ্ৰী বৰা

সাধু একোটাহঁত চৌপাশে পিয়াপি দি ফুৰে ;  কানি-কাপোৰ ক'লা হোৱালৈ  আমাৰ খাপপিটি থাকিবৰ আহৰি ক'ত ? লুণীয়া পানীয়ে জলক্-টপক্ লগাওঁতে বন্ধু,তুমি বুকুখন পাতি দিলা;হাতত হাত থ'লা। ৰঙা ফিটাৰ বিৱৰ্তনত দুয়োৰে এতিয়া ৰূপালী চুলিৰ মায়া । চকুৰ ভ্ৰমক পিছে কি বোলা হ'ব ? পূৰ্ণিমাৰ জোনৰ সৌন্দৰ্য যেতিয়া আঁউসীৰ এন্ধাৰে গিলি থ'ব ! চম্পাৱতী বাচিল,লাগীৰ জীয়েকৰ যি দশা ! নিঃসাৰ সপোনত হাবুডুবু খোৱা উদং,উৰুঙা । ষ্টেনবাৰ্গৰ ত্ৰিকোণীয় সূত্ৰ ধৰি মই হামৰাও কাঢ়ি ফুৰিছোঁ আপুনি বুদ্ধই কোৱা ভালপোৱা আৰু ভাললগাৰ মাজৰ পাৰ্থক্য প্ৰতিষ্ঠাত ব্যস্ত বাদানুবাদৰ অন্তত মই ক'লোঁ  - 'প্ৰেম' আপুনি তাক নাম দিলে - 'হৃদয়ৰ শুশ্ৰূষা'।

ঘুমটি - হিমাশ্ৰী বৰা

নখহা ওৰণিৰ আঁৰত জিলিকে বোৱাৰী পুৱাৰ বেলি , আগনিশা জলপতিত ভিজিল ঘুমটি । মোখোৰা পিন্ধা মুখখন শুইছে  বাহিৰত 'আলাসৰ লাড়ু'ৰ ওখহা বাদু আই অ' , নকঁপাবি বুকু  সতকাই নুঢুকায় পিতাইৰ সাধু । গা-ভাৰী নৈখন আৰু মাতঙ্গৰ ভেকাহিত  হাড়ভঙা শ্ৰমে তেবেজা মাৰে ; তথাপিও হেনো জাপ নোখোৱা চকুৰ এলাইছ ভাৱ নাহে । চকু মুদা কুলিৰ ভাওত গভীৰ নিদ্ৰাত কোন ? হামিয়াই-হিকটিয়াইহে মই জাৰি আছো ঘুণ !  জাগি থকাজনে দেখে জীৱৰ বিলাই  "মায়া শৰ্য্যা মাজে আছয় ঘুমটি যাই" ।

ফাগুন বিলাস - হিমাশ্ৰী বৰা

আৰ্জিত এলান্ধুকলীয়া বিভ্ৰমক শিৰে থাপি কেনে আধুনিকাই প্ৰেমালাপত মজে (?) তাইৰ জানো ভীৰুৰ পোছাক ফিছিকে (?) তাইৰ হেনো খেলি-মেলিৰ হিচাপেহে পোৰণি-দেৰণি তোলে ; মৰহা গোলাপৰ স্বৰূপ বিদাৰি ৰঙা আঁছুহে গৰ্বী (ফ্ৰেব্ৰুৱাৰীৰ দৈন্যতাত যথাৰ্থই বহাগহে চহকী) "সোণ অ' - সীমাতে থাকিবি,ভেটিও ৰখিবি" । ফুলকোঁৱৰে কাঠৰ পখী ঘোঁৰা চেকুৰালেই যেনিবা গছৰ মুঢ়াৰনো কিহৰ গৰজ মিছা ফুলনিৰ মালিনী হ'বলৈকে  কেনেকৈ দেখুৱাওৱা যাব খেয়ালি দৰদ ! সিপাৰে সৰাপাতৰ খৰমৰণিয়ে দহে (যুদ্ধভুমিৰ সৈনিকে ধৰাশায়ী হোৱাৰ কথা নাভাৱে) এইপাৰে কৱচ কাপোৰ দিব নোৱাৰাৰ খেদ লঠঙা বিৰিখে প্ৰবল কৰি আনে ; ফাগুন যি বাটেৰে গুচি যাব সেই বাটেৰেই ধূলি হৈ উৰক আমাৰ নিষিদ্ধ গল্প বসন্তৰ প্লটত প্ৰত্যাশাৰে আৰম্ভ হওক বৈধ পাণ্ডুলিপিৰ সৃষ্টি পৰ্ব ।

চিহ্ন নতুন - হিমাশ্ৰী বৰা

কলকলনিয়ে জীয়ন দিয়া থূপুক-থাপাক বেলি কথা । সম্ভাৱনাই পতা মেলে , পোহৰ খেদে গজালিৰ পৰা বটবৃক্ষ হোৱাৰ লক্ষণ ক'ত ফুটে ? পলসুৱা মমতা ভৰুণ হৈ উঠোতে তামোলজোপা সাক্ষী আছিল শইচৰ উৰুলি , চৰাইৰ চুবুৰীৰ শ্ৰুতিমধূৰ মালিতাই সৃষ্টিৰ ভূমুক দি পৰ্বান্তৰলৈ ভেবা লাগিল ।  অনামিকাত বিশ্বাস হৈ জিলিকা  আৰু সেওঁতাত সাহস হৈ বিয়পাৰ পৰত দুহাল চকুৱে ঘৰ বান্ধে , চেনেহ বাতে  অপনয়ন-প্ৰতিষ্ঠাপনেৰে সংসাৰ সমীকৰণে সৰলীকৰণ কাঢ়ে ।  কুটি কুটি হোলোঙ কৰিবলৈ বিচৰা পোকটোৰ বিৰুদ্ধে দেহ-মনৰ চলি থাকে যুঁজ-বাগৰ সুলক্ষণ , বিলক্ষণৰ নতুন চিহ্নই  মোৰ নিৰ্বিকাৰ পেনপেননীক নাম দিয়ে 'সহচৰ' ।