ঘুমটি - হিমাশ্ৰী বৰা


নখহা ওৰণিৰ আঁৰত জিলিকে
বোৱাৰী পুৱাৰ বেলি ,
আগনিশা জলপতিত ভিজিল ঘুমটি ।

মোখোৰা পিন্ধা মুখখন শুইছে 
বাহিৰত 'আলাসৰ লাড়ু'ৰ ওখহা বাদু
আই অ' , নকঁপাবি বুকু 
সতকাই নুঢুকায় পিতাইৰ সাধু ।

গা-ভাৰী নৈখন আৰু মাতঙ্গৰ ভেকাহিত 
হাড়ভঙা শ্ৰমে তেবেজা মাৰে ;
তথাপিও হেনো জাপ নোখোৱা চকুৰ এলাইছ ভাৱ নাহে ।

চকু মুদা কুলিৰ ভাওত গভীৰ নিদ্ৰাত কোন ?
হামিয়াই-হিকটিয়াইহে মই জাৰি আছো ঘুণ !

 জাগি থকাজনে দেখে জীৱৰ বিলাই 
"মায়া শৰ্য্যা মাজে আছয় ঘুমটি যাই" ।

Comments

Popular posts from this blog

ফাগুন বিলাস - হিমাশ্ৰী বৰা

নৈপৰীয়া গাঁথা - হিমাশ্ৰী বৰা