শতৰু পুৰাণ - হিমাশ্ৰী বৰা
পথাৰৰ আলিটো ঠেলি নিয়াৰ অনুপাতে
টুটি আহিল হাড়ে-চালে লাগি থকাজনৰ আয়ূস
পূৰ্বাপৰ প্ৰচলিত ৰীতি
হস্তান্তৰ হ'ব লাগে ক্ষমতা আৰু সম্পত্তি
এচাহিৰ কঢ়া-আঁজোৰাত তেজৰ ডোঙা , মন-হৃদয় দুচিৰা ।
তুমি জানো পতিয়ন নিয়াব পাৰিবা
যে তুমি ভালুকৰ সন্মুখত এৰি থৈ পলোৱা বন্ধুজন নোহোৱা
ব্যৱসায় , শ্বেয়াৰৰ হিচাপত আজিও পিছে তোমাৰ একেই অস্থিৰতা।
সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ আমি কাটিব পৰা হ'লোঁ নিজৰেই নাক
'এ আই'ক আঙুলিৰ ঠাৰত নচুৱাই
যিদৰে বঢ়াইছোঁ নৈতিক সংকট ;
অজাত শত্ৰুক চপাইছোঁ কাষ ।
ফুল চন্দন পৰা মুখৰ বচনতো থাকে চুৰিকাঘাত
উত্তৰণত নহয় , কেঁকোৰা চেপা দি অধোগতিত আকৌ জুৰে দুখৰ বিলাপ ।
বিভীষণৰ চলনাত কৰিব পাৰি নে পৰাজয় স্বীকাৰ
ৰামৰাজ্যৰ স্বপ্নক দিবলৈ ৰূপ সাকাৰ !
এলাহৰ প্ৰতাপহে যত ঘটাবলৈ বিঘিনি
নিৰালস্যৰ যজ্ঞত সোৰোপালিৰে দিম আহুতি ,
বিহুনামত গাই "তোমাৰ মোৰ শতৰু তোমাৰ মা-দেউতাৰা" বুলি
মন চিলা বান্ধিব নোৱাৰি
পেলাই থ'লে কেনেকৈ হ'ব বাকৰি মাটি ?
হিমাশ্ৰী বৰা
স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিক
Comments
Post a Comment