চিহ্ন নতুন - হিমাশ্ৰী বৰা


কলকলনিয়ে জীয়ন দিয়া
থূপুক-থাপাক বেলি কথা ।
সম্ভাৱনাই পতা মেলে , পোহৰ খেদে
গজালিৰ পৰা বটবৃক্ষ হোৱাৰ লক্ষণ ক'ত ফুটে ?

পলসুৱা মমতা ভৰুণ হৈ উঠোতে
তামোলজোপা সাক্ষী আছিল
শইচৰ উৰুলি , চৰাইৰ চুবুৰীৰ শ্ৰুতিমধূৰ মালিতাই
সৃষ্টিৰ ভূমুক দি পৰ্বান্তৰলৈ ভেবা লাগিল । 

অনামিকাত বিশ্বাস হৈ জিলিকা 
আৰু সেওঁতাত সাহস হৈ বিয়পাৰ পৰত
দুহাল চকুৱে ঘৰ বান্ধে , চেনেহ বাতে 
অপনয়ন-প্ৰতিষ্ঠাপনেৰে সংসাৰ সমীকৰণে সৰলীকৰণ কাঢ়ে । 

কুটি কুটি হোলোঙ কৰিবলৈ বিচৰা পোকটোৰ বিৰুদ্ধে
দেহ-মনৰ চলি থাকে যুঁজ-বাগৰ
সুলক্ষণ , বিলক্ষণৰ নতুন চিহ্নই 
মোৰ নিৰ্বিকাৰ পেনপেননীক নাম দিয়ে 'সহচৰ' ।

Comments

Popular posts from this blog

ফাগুন বিলাস - হিমাশ্ৰী বৰা

নৈপৰীয়া গাঁথা - হিমাশ্ৰী বৰা

ঘুমটি - হিমাশ্ৰী বৰা