নৈপৰীয়া গাঁথা - হিমাশ্ৰী বৰা

নৈপৰীয়া উচুপনি এসোঁতা মিচিকনি হোৱালৈ 
কেইবাৰ পোত যাব লাগে বেলি ?
সঁজাল ধৰিবলৈ সপোন,বুকুৰ বিষ কাটি ।

নিপুণ মাছুৱৈৰ গৰ্বৰ উহ খেদি 
পেঘালীত সমৰ্পিত কুম্ভকাৰৰ জীৱন 
বিশ্বাস থাপি কয় - "জলদেৱতাৰ কৃপা" 
আশ্বাস বোৱাই বয় আই বসুমতিৰ মমতা
নিৰন্তৰ চলি থাকে কৃচ্ছ্ৰসাধনা।

নৈক সুহৃদ পাতি 
এজুম মানুহ , ইমান অকপটীয়া !
নৈয়ে কাঢ়ি থাকে , তেওঁলোকে গঢ়ি থাকে 
অন্তৰতম বন্ধুত্বৰ পাৰস্পৰিক বুজাপৰাত 
আমাৰ তৃতীয় পক্ষৰ যেন শূন্যতহে গদা ঘূৰে।

নাওখেলৰ গীত গাই ঘৰমুৱা হোৱা ডেকা 
তোমাৰো বাৰু কঁপেনে হিয়া 
বোপায়ে নাওখন শেষবাৰৰ বাবে চপাব যিদিনা ;
আহিব দলঙ উদ্বোধনৰ হেতু বৰমূৰীয়া 
নে থিৰাং কৰিছা , উছনত যক বাপুতিসাহোন জীৱিকা । 

"নদী মানে কবিতাৰ সেউজীয়া পানী"
চৰাইৰ কাকলি আৰু শইচ সোণালী
এই লৈ যদি নৈপৰীয়াৰ মন হয় মুকলি ;
ব'লা আমি যাওঁ কোনোবা এটা চিকুণ গধূলি ,
সোৱণশিৰিৰ জঙ্কি-পানেৰ স্মৃতি সুঁৱৰি
কপিলীপাৰৰ সাধু শুনি , কলং বৈ থকাৰ সম্ভেদ বিচাৰি ।

Comments

Popular posts from this blog

ফাগুন বিলাস - হিমাশ্ৰী বৰা

ঘুমটি - হিমাশ্ৰী বৰা