স্বচ্ছতা আনুষঙ্গিক - হিমাশ্ৰী বৰা
টোপোলাটো নি দলিয়াই দিওঁতে
মোৰ ওভতি চাবৰ নহ'ল
পানী যোৱা নলাটো অৱশ্যে আমাৰ সুবিধাতে খন্দাইছিল।
থুঃ ! ইমান লেতেৰা গোন্ধ
চেহ্ ! আঁকি থোৱা দেৱালখন নষ্ট
ভাইটোৰ ডেংগু হ'লত
আয়ে কপাল চপৰিয়াই কান্দিলে
ঘৰখনৰ পৰা এতিয়াহে পানীৰ ডোঙাবোৰ গুচিছে।
সোণ অ' , ঘৰত শিকা নীতি-নিয়মবোৰ মানি চলিবি
তথাকথিত আধুনিক হোৱা সোণৰ ছালত এতিয়া
খৰ-খজতিৰ ব্যাপ্তি।
হাইজেনিক জীৱন আজিও কাৰ দুঃস্বপ্ন ?
ঘেদোৱা পানী পি কোনে পুহে অমৃতৰ লক্ষ্য ?
কথাই-কামে,মনে-মুখে নিকা হোৱাৰ মন্ত্ৰ
লোকচক্ষুৰ আঁৰত কোনেবা কটায় জীৱন দুৰ্বিষহ !
Comments
Post a Comment