হৃদয়ৰ শুশ্ৰূষা - হিমাশ্ৰী বৰা

সাধু একোটাহঁত চৌপাশে পিয়াপি দি ফুৰে ; 
কানি-কাপোৰ ক'লা হোৱালৈ 
আমাৰ খাপপিটি থাকিবৰ আহৰি ক'ত ?

লুণীয়া পানীয়ে জলক্-টপক্ লগাওঁতে
বন্ধু,তুমি বুকুখন পাতি দিলা;হাতত হাত থ'লা।
ৰঙা ফিটাৰ বিৱৰ্তনত দুয়োৰে এতিয়া ৰূপালী চুলিৰ মায়া ।

চকুৰ ভ্ৰমক পিছে কি বোলা হ'ব ?
পূৰ্ণিমাৰ জোনৰ সৌন্দৰ্য যেতিয়া আঁউসীৰ এন্ধাৰে গিলি থ'ব !

চম্পাৱতী বাচিল,লাগীৰ জীয়েকৰ যি দশা !
নিঃসাৰ সপোনত হাবুডুবু খোৱা উদং,উৰুঙা ।

ষ্টেনবাৰ্গৰ ত্ৰিকোণীয় সূত্ৰ ধৰি মই হামৰাও কাঢ়ি ফুৰিছোঁ
আপুনি বুদ্ধই কোৱা ভালপোৱা আৰু ভাললগাৰ মাজৰ পাৰ্থক্য প্ৰতিষ্ঠাত ব্যস্ত
বাদানুবাদৰ অন্তত মই ক'লোঁ  - 'প্ৰেম'
আপুনি তাক নাম দিলে - 'হৃদয়ৰ শুশ্ৰূষা'।












Comments

Popular posts from this blog

ফাগুন বিলাস - হিমাশ্ৰী বৰা

নৈপৰীয়া গাঁথা - হিমাশ্ৰী বৰা

ঘুমটি - হিমাশ্ৰী বৰা