ফাগুন বিলাস - হিমাশ্ৰী বৰা
আৰ্জিত এলান্ধুকলীয়া বিভ্ৰমক শিৰে থাপি
কেনে আধুনিকাই প্ৰেমালাপত মজে (?)
তাইৰ জানো ভীৰুৰ পোছাক ফিছিকে (?)
তাইৰ হেনো খেলি-মেলিৰ হিচাপেহে পোৰণি-দেৰণি তোলে ;
মৰহা গোলাপৰ স্বৰূপ বিদাৰি ৰঙা আঁছুহে গৰ্বী
(ফ্ৰেব্ৰুৱাৰীৰ দৈন্যতাত যথাৰ্থই বহাগহে চহকী)
"সোণ অ' - সীমাতে থাকিবি,ভেটিও ৰখিবি" ।
ফুলকোঁৱৰে কাঠৰ পখী ঘোঁৰা চেকুৰালেই যেনিবা
গছৰ মুঢ়াৰনো কিহৰ গৰজ
মিছা ফুলনিৰ মালিনী হ'বলৈকে
কেনেকৈ দেখুৱাওৱা যাব খেয়ালি দৰদ !
সিপাৰে সৰাপাতৰ খৰমৰণিয়ে দহে
(যুদ্ধভুমিৰ সৈনিকে ধৰাশায়ী হোৱাৰ কথা নাভাৱে)
এইপাৰে কৱচ কাপোৰ দিব নোৱাৰাৰ খেদ
লঠঙা বিৰিখে প্ৰবল কৰি আনে ;
ফাগুন যি বাটেৰে গুচি যাব
সেই বাটেৰেই ধূলি হৈ উৰক আমাৰ নিষিদ্ধ গল্প
বসন্তৰ প্লটত প্ৰত্যাশাৰে আৰম্ভ হওক বৈধ পাণ্ডুলিপিৰ সৃষ্টি পৰ্ব ।
Comments
Post a Comment