Posts

Showing posts from January, 2025

ঘুমটি - হিমাশ্ৰী বৰা

নখহা ওৰণিৰ আঁৰত জিলিকে বোৱাৰী পুৱাৰ বেলি , আগনিশা জলপতিত ভিজিল ঘুমটি । মোখোৰা পিন্ধা মুখখন শুইছে  বাহিৰত 'আলাসৰ লাড়ু'ৰ ওখহা বাদু আই অ' , নকঁপাবি বুকু  সতকাই নুঢুকায় পিতাইৰ সাধু । গা-ভাৰী নৈখন আৰু মাতঙ্গৰ ভেকাহিত  হাড়ভঙা শ্ৰমে তেবেজা মাৰে ; তথাপিও হেনো জাপ নোখোৱা চকুৰ এলাইছ ভাৱ নাহে । চকু মুদা কুলিৰ ভাওত গভীৰ নিদ্ৰাত কোন ? হামিয়াই-হিকটিয়াইহে মই জাৰি আছো ঘুণ !  জাগি থকাজনে দেখে জীৱৰ বিলাই  "মায়া শৰ্য্যা মাজে আছয় ঘুমটি যাই" ।

ফাগুন বিলাস - হিমাশ্ৰী বৰা

আৰ্জিত এলান্ধুকলীয়া বিভ্ৰমক শিৰে থাপি কেনে আধুনিকাই প্ৰেমালাপত মজে (?) তাইৰ জানো ভীৰুৰ পোছাক ফিছিকে (?) তাইৰ হেনো খেলি-মেলিৰ হিচাপেহে পোৰণি-দেৰণি তোলে ; মৰহা গোলাপৰ স্বৰূপ বিদাৰি ৰঙা আঁছুহে গৰ্বী (ফ্ৰেব্ৰুৱাৰীৰ দৈন্যতাত যথাৰ্থই বহাগহে চহকী) "সোণ অ' - সীমাতে থাকিবি,ভেটিও ৰখিবি" । ফুলকোঁৱৰে কাঠৰ পখী ঘোঁৰা চেকুৰালেই যেনিবা গছৰ মুঢ়াৰনো কিহৰ গৰজ মিছা ফুলনিৰ মালিনী হ'বলৈকে  কেনেকৈ দেখুৱাওৱা যাব খেয়ালি দৰদ ! সিপাৰে সৰাপাতৰ খৰমৰণিয়ে দহে (যুদ্ধভুমিৰ সৈনিকে ধৰাশায়ী হোৱাৰ কথা নাভাৱে) এইপাৰে কৱচ কাপোৰ দিব নোৱাৰাৰ খেদ লঠঙা বিৰিখে প্ৰবল কৰি আনে ; ফাগুন যি বাটেৰে গুচি যাব সেই বাটেৰেই ধূলি হৈ উৰক আমাৰ নিষিদ্ধ গল্প বসন্তৰ প্লটত প্ৰত্যাশাৰে আৰম্ভ হওক বৈধ পাণ্ডুলিপিৰ সৃষ্টি পৰ্ব ।

চিহ্ন নতুন - হিমাশ্ৰী বৰা

কলকলনিয়ে জীয়ন দিয়া থূপুক-থাপাক বেলি কথা । সম্ভাৱনাই পতা মেলে , পোহৰ খেদে গজালিৰ পৰা বটবৃক্ষ হোৱাৰ লক্ষণ ক'ত ফুটে ? পলসুৱা মমতা ভৰুণ হৈ উঠোতে তামোলজোপা সাক্ষী আছিল শইচৰ উৰুলি , চৰাইৰ চুবুৰীৰ শ্ৰুতিমধূৰ মালিতাই সৃষ্টিৰ ভূমুক দি পৰ্বান্তৰলৈ ভেবা লাগিল ।  অনামিকাত বিশ্বাস হৈ জিলিকা  আৰু সেওঁতাত সাহস হৈ বিয়পাৰ পৰত দুহাল চকুৱে ঘৰ বান্ধে , চেনেহ বাতে  অপনয়ন-প্ৰতিষ্ঠাপনেৰে সংসাৰ সমীকৰণে সৰলীকৰণ কাঢ়ে ।  কুটি কুটি হোলোঙ কৰিবলৈ বিচৰা পোকটোৰ বিৰুদ্ধে দেহ-মনৰ চলি থাকে যুঁজ-বাগৰ সুলক্ষণ , বিলক্ষণৰ নতুন চিহ্নই  মোৰ নিৰ্বিকাৰ পেনপেননীক নাম দিয়ে 'সহচৰ' ।

যদি প্ৰাৰ্থনা ফুলে - হিমাশ্ৰী বৰা

পৃথিৱী দেখা ভ্ৰুণৰ  চিৰাচিৰ বুকু আস্ ! উশাহ নহ'বি লঘু যাহ্ ! নক'বি নেদেখা দেশৰ সাধু শ্ৰুতিকটু । চৌকা নজ্বলা ৰাতিবোৰত ,  আইৰ ফিচিকা চাদৰখনত , তৰা দেখা ঘৰৰ চালত , যদি হামি নিষিদ্ধ সপোন দুলে তেন্তে এঙামুৰিত কি  সকাহে পোহৰ খেদে  নে উপলুঙাই বেহু ঘেৰে ? আদৰি লোৱা , সামৰি থোৱাৰ পুৰাণকথা ফেনেকি তেওঁ মোলৈ ফাগুনৰঙী লেহ্য এচেলেক সাঁচে , অংগক্ষত অস্তিত্বৰ চাল-চলন গমিও হাবিতলীয়া বাটৰ ৰসহ্যগাথা শুনিও প্ৰবল শক্তিৰে পাৰি হেনো  এজাৰে বিলোৱা বেজাৰ কাটিব ধাৰে ।  যদি প্ৰাৰ্থনা উশাহ হৈ ফুলে যদি প্ৰাৰ্থনাই সুখৰ পোহাৰ মেলে যদি নিতান্তই প্ৰাৰ্থনাত সুমংগল ৰাগী ভাঁহে তেন্তে ঘোষা , পদ , কাকূতি মই প্ৰত্যয়তে থাপিম  কায় , বাক্য , মন জানো আপোনাতো সপিম ?

বিশ্বাস - হিমাশ্ৰী বৰা

মূৰ দোঁৱাই জপাই অনা দুচকুৰ ভংগীত আমি মেলি দিওঁ বিশ্বাসৰ নাও সমস্যাই বুৰাই , যন্ত্ৰণাই কোবাই অচিন পাৰঘাটত কোন নাৱৰীয়াৰ নামৰ সুৰে বুকু মোৰ কঁপায় ? আমি নোৱাৰিলোঁ বুকুত হাত থৈ ক'ব - তেজৰ নদী এদিন তৰাং হ'ব । আমি নোৱাৰিলোঁ চকুৱে চকুৱে চাব - সত্যৰ ছায়াশ্ৰয়তহে সাহসো লব্ধ । কাহানিও শিৰনত নকৰা মানুহজনৰ সলিল সমাধি তেওঁৰ চাগৈ ভাৱিবৰে নহ'ল আহৰি ঘাতকেৰে যে ভৰি আছে পৃথিৱী শান্তিৰ পিয়াহত আতুৰ ৰুগ্ন ধৰিত্ৰী । বিশ্বাসৰ আদৰতে গছ হোৱাৰ মায়া জাগে বিশ্বাসৰ আতিথ্যতে ন-বৌৰ কঁপালৰ ৰঙা বেলি জিলিকিছে হেনা-হুঁচা সংশ্লেষণৰ কেৰোণীয়া ফল প্ৰত্যয় ভঙা প্ৰণয়ৰ পৰিণতিহে আচল ।