যদি প্ৰাৰ্থনা ফুলে - হিমাশ্ৰী বৰা
পৃথিৱী দেখা ভ্ৰুণৰ
চিৰাচিৰ বুকু
আস্ ! উশাহ নহ'বি লঘু
যাহ্ ! নক'বি নেদেখা দেশৰ সাধু শ্ৰুতিকটু ।
চৌকা নজ্বলা ৰাতিবোৰত ,
আইৰ ফিচিকা চাদৰখনত ,
তৰা দেখা ঘৰৰ চালত ,
যদি হামি নিষিদ্ধ সপোন দুলে
তেন্তে এঙামুৰিত কি
সকাহে পোহৰ খেদে
নে উপলুঙাই বেহু ঘেৰে ?
আদৰি লোৱা , সামৰি থোৱাৰ পুৰাণকথা ফেনেকি
তেওঁ মোলৈ ফাগুনৰঙী লেহ্য এচেলেক সাঁচে ,
অংগক্ষত অস্তিত্বৰ চাল-চলন গমিও
হাবিতলীয়া বাটৰ ৰসহ্যগাথা শুনিও
প্ৰবল শক্তিৰে পাৰি হেনো
এজাৰে বিলোৱা বেজাৰ কাটিব ধাৰে ।
যদি প্ৰাৰ্থনা উশাহ হৈ ফুলে
যদি প্ৰাৰ্থনাই সুখৰ পোহাৰ মেলে
যদি নিতান্তই প্ৰাৰ্থনাত সুমংগল ৰাগী ভাঁহে
তেন্তে ঘোষা , পদ , কাকূতি মই প্ৰত্যয়তে থাপিম
কায় , বাক্য , মন জানো আপোনাতো সপিম ?
Comments
Post a Comment