বিশ্বাস - হিমাশ্ৰী বৰা
মূৰ দোঁৱাই জপাই অনা দুচকুৰ ভংগীত
আমি মেলি দিওঁ বিশ্বাসৰ নাও
সমস্যাই বুৰাই , যন্ত্ৰণাই কোবাই
অচিন পাৰঘাটত কোন নাৱৰীয়াৰ নামৰ সুৰে বুকু মোৰ কঁপায় ?
আমি নোৱাৰিলোঁ বুকুত হাত থৈ ক'ব
- তেজৰ নদী এদিন তৰাং হ'ব ।
আমি নোৱাৰিলোঁ চকুৱে চকুৱে চাব
- সত্যৰ ছায়াশ্ৰয়তহে সাহসো লব্ধ ।
কাহানিও শিৰনত নকৰা মানুহজনৰ সলিল সমাধি
তেওঁৰ চাগৈ ভাৱিবৰে নহ'ল আহৰি
ঘাতকেৰে যে ভৰি আছে পৃথিৱী
শান্তিৰ পিয়াহত আতুৰ ৰুগ্ন ধৰিত্ৰী ।
বিশ্বাসৰ আদৰতে গছ হোৱাৰ মায়া জাগে
বিশ্বাসৰ আতিথ্যতে ন-বৌৰ কঁপালৰ ৰঙা বেলি জিলিকিছে
হেনা-হুঁচা সংশ্লেষণৰ কেৰোণীয়া ফল
প্ৰত্যয় ভঙা প্ৰণয়ৰ পৰিণতিহে আচল ।
Comments
Post a Comment