নৈপৰীয়া গাঁথা - হিমাশ্ৰী বৰা
নৈপৰীয়া উচুপনি এসোঁতা মিচিকনি হোৱালৈ কেইবাৰ পোত যাব লাগে বেলি ? সঁজাল ধৰিবলৈ সপোন,বুকুৰ বিষ কাটি । নিপুণ মাছুৱৈৰ গৰ্বৰ উহ খেদি পেঘালীত সমৰ্পিত কুম্ভকাৰৰ জীৱন বিশ্বাস থাপি কয় - "জলদেৱতাৰ কৃপা" আশ্বাস বোৱাই বয় আই বসুমতিৰ মমতা নিৰন্তৰ চলি থাকে কৃচ্ছ্ৰসাধনা। নৈক সুহৃদ পাতি এজুম মানুহ , ইমান অকপটীয়া ! নৈয়ে কাঢ়ি থাকে , তেওঁলোকে গঢ়ি থাকে অন্তৰতম বন্ধুত্বৰ পাৰস্পৰিক বুজাপৰাত আমাৰ তৃতীয় পক্ষৰ যেন শূন্যতহে গদা ঘূৰে। নাওখেলৰ গীত গাই ঘৰমুৱা হোৱা ডেকা তোমাৰো বাৰু কঁপেনে হিয়া বোপায়ে নাওখন শেষবাৰৰ বাবে চপাব যিদিনা ; আহিব দলঙ উদ্বোধনৰ হেতু বৰমূৰীয়া নে থিৰাং কৰিছা , উছনত যক বাপুতিসাহোন জীৱিকা । "নদী মানে কবিতাৰ সেউজীয়া পানী" চৰাইৰ কাকলি আৰু শইচ সোণালী এই লৈ যদি নৈপৰীয়াৰ মন হয় মুকলি ; ব'লা আমি যাওঁ কোনোবা এটা চিকুণ গধূলি , সোৱণশিৰিৰ জঙ্কি-পানেৰ স্মৃতি সুঁৱৰি কপিলীপাৰৰ সাধু শুনি , কলং বৈ থকাৰ সম্ভেদ বিচাৰি ।