হৃদয়ৰ শুশ্ৰূষা - হিমাশ্ৰী বৰা
সাধু একোটাহঁত চৌপাশে পিয়াপি দি ফুৰে ; কানি-কাপোৰ ক'লা হোৱালৈ আমাৰ খাপপিটি থাকিবৰ আহৰি ক'ত ? লুণীয়া পানীয়ে জলক্-টপক্ লগাওঁতে বন্ধু,তুমি বুকুখন পাতি দিলা;হাতত হাত থ'লা। ৰঙা ফিটাৰ বিৱৰ্তনত দুয়োৰে এতিয়া ৰূপালী চুলিৰ মায়া । চকুৰ ভ্ৰমক পিছে কি বোলা হ'ব ? পূৰ্ণিমাৰ জোনৰ সৌন্দৰ্য যেতিয়া আঁউসীৰ এন্ধাৰে গিলি থ'ব ! চম্পাৱতী বাচিল,লাগীৰ জীয়েকৰ যি দশা ! নিঃসাৰ সপোনত হাবুডুবু খোৱা উদং,উৰুঙা । ষ্টেনবাৰ্গৰ ত্ৰিকোণীয় সূত্ৰ ধৰি মই হামৰাও কাঢ়ি ফুৰিছোঁ আপুনি বুদ্ধই কোৱা ভালপোৱা আৰু ভাললগাৰ মাজৰ পাৰ্থক্য প্ৰতিষ্ঠাত ব্যস্ত বাদানুবাদৰ অন্তত মই ক'লোঁ - 'প্ৰেম' আপুনি তাক নাম দিলে - 'হৃদয়ৰ শুশ্ৰূষা'।